top of page

সংকট ব্যৱস্থাপনাঃ মহামাৰীৰ আতংকৰ ক্ষেত্ৰত “ন্যায়বিচাৰৰ বাসনা”


ছৈয়দ আজহাৰউদ্দিন: চৰকাৰ, তেওঁলোকৰ নীতি আৰু ৰাজনীতিবিদ সকলৰ ক্ষমতাত থকা অথবা বিৰোধী, উভয় ক্ষেত্রতেই সমালোচনা কৰা ভুল নহয় বিশেষকৈ যেতিয়া তেওঁলোকে ভুল দিশত থাকে। গণতান্ত্রিক ব্যৱস্থাত, সমালোচনাক সর্বদায় উন্নয়ন সাধনৰ জখলা হিচাপে লোৱা উচিত। মাথো সমালোচনাৰ পৰিপ্ৰেক্ষিতত সমালোচনা কোনো কামত নাহে। বিভিন্ন দল ক্ষমতাত আহিব পাৰে অথবা যাব পাৰে কিন্তু নীতি, আইন, বিধি অব্যাহত থাকিব লাগে কাৰণ ইয়াৰ দ্বাৰা নাগৰিকসকলক প্ৰত্যক্ষভাবে প্রভাৱিত বা সহযোগিতা কৰে। মহামাৰীৰ বাবে বিশ্বৰ বেছিভাগ অংশ লকডাউনৰ অধীনত আছে, মানব ইতিহাসত এই ধৰণৰ পৰিস্থিতি নতুন নহয়। মানৱ সমাজ পূৰ্বেও এনেকুবা পৰিস্থিতিৰ সন্মূখিন হৈছিল, ইয়াৰ পৰা মুক্ত হৈ জাতিৰ উন্নয়নৰ বাবে কাম কৰাৰ নিদৰ্শন স্পষ্ট বিদ্যমান।

লকডাউন ঘোষনাৰ পিছত স্বাভাবিকভাবে, বিভিন্ন ক্ষেত্ৰত সংকট দেখা যোৱাটো প্ৰায় নিশ্চিত বিশেষকৈ কৃষিকৰ্ম, প্রযুক্তি, চিকিৎসা, টেক্সটাইল ইত্যাদি। এই বিষয়বোৰ জানিও সংকট দেখা গৈছে আৰু সাধাৰণ নাগৰিকসকলৰ ওপৰত ইয়াৰ ব্যাপক প্রভাৱ পৰিছে। বিশেষকৈ চৰকাৰে সেই অনুযায়ী জনসাধাৰণৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে পৰিকল্পনা গ্ৰহন কৰা উচিত ।সংকট পৰিচালনাৰ সমাধানবোৰক লৈ আলোচনা কৰাৰ আগত আহক সামান্য পৰ্যালোচনা কৰো, প্ৰশ্ন হব পাৰে “সংকট” কেনেকুবা ধৰনৰ হব পাৰে? সৰল ভাবে কবলৈ গলে এইটা এটা কষ্ট, গুৰুতৰ বিপদ, বাধা বা কৰুণ অৱস্থা অথবা প্রভাবশালী ব্যাধি। সংকটটো কেনেদৰে ঘটে বা প্রসাৰিত হয় ? ইয়াৰ উত্তৰত কব লাগিব- প্রাথমিক সতর্কতা সম্পর্কে ৰাজ্যৰ বা দেশৰ নাগৰিকসকলৰ অসতর্কতাৰ বাবে, প্রাথমিক পর্যায়ত সংকটৰ মোকাবিলা কৰিব পৰা সংস্থানবোৰ ব্যৱহাৰ নকৰা আৰু বৃহত্তৰ স্তৰত সম্প্রসাৰণ আৰু ক্ষতিৰ প্ৰাক-মূহুৰ্তত অগ্রাধিকাৰ নির্ধাৰণ কৰা হয়।


সংকট ব্যবস্থাপনা: এইটো ব্যক্তি, সংস্থা বা ৰাষ্ট্রকো সমস্যাজনক সময়ৰ পৰা ৰক্ষা কৰাৰ লগতে সংৰক্ষণ কৰাৰ আৰু সংকট নিবাৰণৰ বাবে মানবজাতি সাধাৰণভাবে যি ধৰনৰ আকাঙ্ক্ষা অনুভব কৰে তাৰ পৰা মুক্ত কৰিব লাগিব। সংকট পৰিচালনাৰ সময়ত বিশ্বাসযোগ্যতা, নিৰপেক্ষতা আৰু স্বচ্ছতাৰ নিশ্চয়তা প্ৰদান কৰা উচিত।

সংকট মোকাবেলা: ব্যক্তি, সম্প্রদায় বা ৰাষ্ট্র যদি সংকটক যথাযথভাবে পৰিচালনা কৰিবলৈ ব্যর্থ হয়, তেন্তে এই ব্যর্থতা বিপর্যয়ৰ কাৰণ হব পাৰে। চূড়ান্ত ভাবে কবলৈ গলে শাষক আৰু সাধাৰণ জনতা সকলোৱে এই মহামাৰীৰ কবলত আতংকিত হৈ পৰিছে। উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা উন্নত ৰাষ্ট্ৰলৈ মাথো মৃত্যুৰ বিভিষিকা। সমাধান হিচাপে সুৰক্ষাবাদী হোৱাৰ সমান্তৰালকৈ সম্পদবোৰ ভাগ কৰাটো উত্তম। হজৰত মহম্মদ (ছাঃ) ৰ জীৱন আদৰ্শৰ পৰা মানুহে জীৱনৰ সৰ্ব ক্ষেত্ৰত সৰল আৰু সুন্দৰ বিৱৰণ পাব পাৰে। সেই আদৰ্শগত দিশ আমি জানিব পাৰিলে আমাৰ সংকীৰ্ণ ব্যৱস্থাপনাক সুস্পষ্ট পদ্ধতিত বুঝাৰ ক্ষেত্ৰত সহায়ক হব।

বিজ্ঞান আৰু চিকিৎসা বিদ্যা সমগ্ৰ বিশ্বত ব্যাপক উন্নত হৈছে যদিও বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কভিট-১৯ ৰোধ কৰাৰ কোনো ঔষধ কোনো এখন দেশে আবিষ্কাৰ কৰিব পৰা নাই। সকলো মানুহে অসহায় হৈ পৰিছে, আবদ্ধ বন্দীশালৰ দৰে জীৱন কটাবলৈ লৈছে ।লকডাউনৰ এই সংকটৰ মূহুর্তত প্রতিবেশী, দৈনিক উপার্জনকাৰী, বেচৰকাৰী কর্মচাৰী ইত্যাদিক সহযোগিতা কৰাটো সকলোৰে নৈতিক দায়িত্ব।

সীমাবদ্ধ সৰঞ্জাম বোৰৰ সৈতে সংকট সংস্কাৰ: হজৰত ইউছুফ বহু আগত মিশ্বৰৰ এক সংকট মোকাবিলাত দীর্ঘম্যাদী পৰিকল্পনাৰ ভিত্তিত এক সংস্কাৰবাদী নীতি পৰিচালনা কৰিছিলে। পৰিকল্পিত কর্মসূচীটো আছিলে চাৰিটা অর্থনৈতিক ক্রিয়াকলাপৰ মাজত ভাৰসাম্য, উৎপাদন, খৰচ, সংৰক্ষণ আৰু পুনৰায় বিনিয়োগ। তেওঁ প্রত্যেকটো অর্থনৈতিক প্রক্রিয়াৰ লক্ষ্য নির্ধাৰণ কৰিছে, নীতিগত কোণক অবহেলা নকৰাকৈ নির্ধাৰিত নীতি, উপায়, পদ্ধতি আৰু পৰিকল্পনাৰ সময়সূচী কার্যকৰ কৰাৰ বাবে। মিশ্বৰৰ ৰাষ্ট্রপতি হজৰত ইউছুফৰ সমাধানৰ ক্ষেত্ৰত যিটো দর্শন আছিলে, “আপুনি যথাৰীতি ধাৰাবাহিক সাত বছৰ ধৰি মাটিত হাল বাব লাগিব। ফল উৎপাদন হোৱাৰ পিছত আপুনি কেবলমাত্র সেই পৰিমাণ শস্য কাটিব যিখিনি আপোনাৰ খোৱাৰ বাবে যথেষ্ট হব আৰু বাকী অংশখিনি সংৰক্ষণ কৰিব লাগিব। ইয়াৰ পিছত, সাতটা কঠিন বছৰ আপোনাৰ ওপৰত আহিব তাৰ পিছত আপুনি সেই সময়ৰ বাবে যিমানখিনি সঞ্চয় কৰিছিল সেইখিনি ব্যৱহাৰ কৰিব।


কৃষিক্ষেত্রৰ সুৰক্ষা: খাদ্য হ’ল প্রত্যেকজন ব্যক্তিৰ মৌলিক চাহিদা অাৰু এইটো বহু ৰাজ্যৰ অর্থনীতিৰ মেৰুদণ্ড স্বৰূপ। লকডাউনৰ বাবে লোক সকলে স্বল্প স্তৰত গৃহ-ভিত্তিক কৃষিকৰ্ম আৰম্ভ কৰিব লাগিব, সেয়া হয়তো শাক-পাচলি, ফলমূল, শস্য ইত্যাদি হব পাৰে যিহেতু গাওঁ অঞ্চলৰ উর্বৰ মাটি ইয়াৰ বাবে উপযোগী। ভাৰতবৰ্ষৰ প্রধানমন্ত্রীকো ছোনিয়া গান্ধীয়ে পৰামর্শ দিছিলে যে, ২১ দিনৰ লকডাউনৰ অন্তত শস্য কাটিবলগীয় সময় আহিব কিয়নো মার্চৰ শেষত বেচিভাগ ৰাজ্যত কৃষি ফচল কাটাৰ বাবে উপযুক্ত সময়। ভাৰতৰ প্রায় ৬০% লোক কৃষিৰ ওপৰত অর্থনৈতিকভাবে নির্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত ফচল সংগ্রহৰ বাবে কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাটো জৰুৰী। কৃষকসকলৰ পৰা ছয় মাহৰ বাবে সমস্ত পুনৰুদ্ধাৰ স্থগিত কৰা আৰু উদাৰভাবে ঋণমুক্তি দিয়াটো সময়ৰ আহ্বান।”

কভিট -১৯ মহামাৰীজনিত কাৰণত ক্ষুদ্র ব্যৱসায়ীসকলেও এক উল্লেখযোগ্য অর্থনৈতিক প্রভাৱ পেলাব। ডাঙৰ-ডাঙৰ সংস্থাবোৰেই বন্ড মাৰ্কেটত অর্থ সংগ্ৰহ কৰে আৰু সেইবোৰ সৰবৰাহ কৰাৰ মাধ্যমত সৰু সৰবৰাহকাৰী সকলৰ তহবিলৰ এক বিশেষ উপায় বিচাৰি পাব পাৰে। কৃষক, ক্ষুদ্র বিক্রেতাসকল, ব্যৱসায়ী আৰু শিল্পপতি সকলৰ সুদমুক্ত লাভ আৰু লোকচানৰ ভিত্তিত শ্বেয়াৰ হোল্ডাৰ ইত্যাদিৰ দৰে সমস্ত সাম্ভাব্য ব্যৱস্থাপনাৰ সৈতে সংক্ষিপ্ত সময়ৰ পিছত মহামাৰীত স্থিতিশীল হৈ উঠিলে সেইয়া প্ৰাপ্তি হব। উপলব্ধ সংস্থানবোৰৰ যথাযথ ব্যৱহাৰৰ ক্ষেত্ৰত, সময়ৰ প্ৰয়োজনৰ ভিত্তিত কভিট -১৯ ৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তাৎপৰ্যপূৰ্ণ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা দেখা গৈছে। মন্ত্রীসকলৰ পৰা আৰম্ভ কৰি শিল্পী, ব্যৱসায়ীক গোষ্ঠী সকলে নিজৰ অৰ্থনৈতিক পুঁজিৰ পৰা অনুদান আগবঢ়োৱা দেখা গৈছে। লগতে কেন্দ্রীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্য চৰকাৰে মিডিয়াত দিয়া বিজ্ঞাপনৰ মাত্ৰা কমাই সেই টকাখিনি মহামাৰীত হোৱা ক্ষতি নিবাৰণৰ বাবে কাম কৰিব পাৰে।

ইতিমধ্যে জনপ্ৰতিনিধিসকলে ভাকেই খিনি অৰিহণা যোগাইছে যদিও স্থানীয় পঞ্চায়ৰ পৰা আৰম্ভ কৰি বিধায়ক, সাংসদ (ৰাজ্যসভা আৰু লোকসভা উভয়ই), শিল্পপতি, ব্যৱসায়ী, ছেলিব্রিটি (ফিল্ম এবং ক্রীড়া) আৰু এন.জি.অ’ৰ লোকসকলে যদি কমপক্ষে তিন বছৰৰ বাবে এটা-এটা গাওঁ বা অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ সাৰ্বংগীন প্ৰচেষ্টা কৰাৰ দায়িত্ব গ্রহণ কৰে তেন্তে সমগ্ৰ দেশৰ ন্যূনতম ১৫,০০০ গাওঁ/অঞ্চলতো যদি বিকাশ সাধন হয় তেন্তে বিশ্ব দৰবাৰত এক উত্তম নমুনা হৈ থাকিব।


একেইদৰে বিভিন্ন বিভাগবোৰ সম্ভাব্য সমস্ত উপায় অৱলম্বন কৰি সংকট নিবাৰণৰ ব্যৱস্থা গ্ৰহন কৰিব পৰা যাব। প্রত্যেকটো সম্ভাব্য সমর্থন আৰু প্রয়োজনীয়তা প্রদান কৰা আৱশ্যক। আহক, সংকটৰ সময়ত এজনে অন্যজনক সমৰ্থন কৰাৰ বাবে, আগন্তক প্রজন্মক শান্তিপূর্ণ, বিদ্বেষ মুক্ত এবং ন্যায়বিচাৰৰ ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ি আহো।

(লেখক দিল্লীৰ বিশিষ্ট প্ৰবন্ধকাৰ। অনুবাদক:আজনুৰ হক)

2 views0 comments
bottom of page