top of page

মহামাৰীৰ মাজত এই বৰ্ষৰ ৰমজান



ছৈয়দ আজহাৰউদ্দিন (সাধাৰণ সম্পাদক, এছ. আই. অ’. অফ ইণ্ডিয়া)

প্ৰত্যেক বছৰ মোৰ বহু বন্ধু, সহকৰ্মী আৰু প্ৰতিবেশীয়ে মোক ৰমজান মাহত ৰোজা ৰখাৰ সময়ত, আপুনি কিয় ৰোজা ৰাখে, কি ধৰণে উপবাস পালন কৰে, ৰমজানৰ গুৰুত্ব কি ইত্যাদি এই জাতীয় বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। এই বছৰটোত তেওঁলোকে এই ধৰণৰ প্ৰশ্ন সুধিব পৰা নাই কাৰণ COVID-19 মহামাৰীজনিত কাৰণত লকডাউনৰ বাবে আমি আমাৰ বহু বন্ধুৰ সৈতে দেখা সাক্ষাতৰ সুযোগ নাপাওঁ।

যিহেতু বিশ্বৰ বেছিভাগ অংশ লকডাউনৰ অধীনত আছে, মহামাৰীৰ সৈতে মুখামুখি হৈছে আৰু বহুতেই নিজৰ প্ৰিয়জনক হেৰুৱাইছে। লকডাউন চলি থকা অৱস্থাত যিসকলে পৰিয়ালৰ প্ৰিয়জনক হেৰুৱাইছে, সেই সকলোৰে প্ৰতি সমবেদনা আৰু শোক প্ৰকাশৰ মাধ্যমত মই ২০২০ বৰ্ষৰ ৰমজানক স্বাগতম জনাইছোঁ। আমাৰ মাজত বহুতেই ভাৱিব পাৰে, মহামাৰী আৰু লকডাউনৰ বাবে আমি ৰমজানৰ প্ৰকৃত মৰ্ম উদযাপন বা অনুভৱ কৰিব নোৱাৰিম। নহয়, চিন্তাৰ কোনো কাৰণ নাই আমি এই বছৰো ৰমজান সঠিক আৰু শুদ্ধকৈ উদযাপন কৰিব পাৰিম।

ৰমজান কি? ৰমজান মুছলিম বা ইছলামিক ক্যালেণ্ডাৰৰ নবম মাহ। ৰমজানত মাত্ৰ শাৰীৰিক ভাৱে সুস্থ মুছলমানসকলে প্ৰভাতৰ পৰা সন্ধিয়ালৈ অৱশ্যেই ৰোজা ৰাখিব লাগে। পবিত্ৰ মাহত, মুছলমানসকলে খুব প্ৰভাতত টোপনিৰ পৰা উঠি ছেহেৰী নামেৰে এক ধৰণৰ আহাৰ গ্ৰহণ কৰে আৰু সন্ধিয়া ইফতাৰ গ্ৰহণ কৰি তেওঁলোকে উপবাস ভাঙি পেলাই। ‘’এই ৰোজা হৈছে কেইটামান নিৰ্দিষ্ট দিনৰ বাবেহে। তোমালোকৰ কোনো যদি অসুখত পৰে বা ভ্ৰমণৰত প্ৰবাসী হয়, তেতিয়া তেওঁ অন্য দিনত সেই দিনকেইটাৰ ৰোজা সম্পূৰ্ণ কৰিব ৰোজা ৰখাৰ সামৰ্থ থকা সত্ত্বেও যিজনে ৰোজা নাৰাখে, তেওঁ ‘ফিদিয়া’ দিব। এটা ৰোজাৰ ফিদিয়া হিচাপে এজন দৰিদ্ৰক অন্নদান কৰিব। যদি কোনো লোকে স্ব-ইচ্ছাই পুণ্যৰ কাম কৰিবলৈ আগ্ৰহ কৰে, তেনেহলে সেইটো তেওঁৰ বাবে মংগলজনক; কিন্তু ৰোজা ৰখাটোৱেই তোমালোকৰ বাবে শ্ৰেয়। এই কথাটো যদি তোমালোকে জানিলাহেঁতেন!’’ (আল- কোৰআন ২:১৮৪)

উপবাস অৱস্থাত মদ্যপান কৰা, খোৱা-বোৱা, অনৈতিক কাম আৰু ক্ৰোধৰ পৰা বিৰত থাকিব লাগে। ৰোজা হ’ল দৰিদ্ৰসকলৰ ক্ষুধা অনুভৱ কৰা আৰু অভাৱীসকলক আহাৰ যোগান ধৰা। লকডাউনৰ সময়ত এয়া খুব প্ৰয়োজনীয়, সেয়ে আহক আমি নিজে আৰু আনকো উৎসাহিত কৰোঁ অভাৱীসকলক সহায় কৰিবলৈ। এই ৰমজানত অভাৱীসকলক সহায় কৰক। নবী কৰিম (ছা:) এ কৈছে:’’…… যিজন ব্যক্তিয়ে আন্তৰিক বিশ্বাসৰ সৈতে আল্লাহৰ পুৰস্কাৰ প্ৰাপ্তিৰ আশাত ৰমজানৰ ৰোজা ৰাখে তেওঁৰ অতীতৰ সমস্ত গোনাহ মাফ হৈ যায়।‘’

ৰমজান মাহত কিয় ৰোজা ৰাখিব? ৰমজান মাহতেই কোৰআন অৱতীৰ্ণ হৈছে। ‘’ৰমজান সেইটো মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে……..।‘’ (২:১৮৫) ইয়াৰ উপৰিও ৰমজানৰ ৰোজা ইছলামৰ পাঁচটা স্তম্ভৰ এটা অন্যতম ইবাদত, সৰ্বশক্তিমানৰ সান্নিধ্য লাভ কৰাৰ উপায় আৰু অভাৱীসকলৰ প্ৰতি আৰু বেছি সহানুভূতিশীল হোৱাৰ উপায়। ৰোজাৰ উদ্দেশ্য হ’ল সকলো ধৰণৰ বেয়া কামৰ পৰা আত্ম-সংযম শিকোৱা আৰু নিজকে সৰ্বশক্তিমানৰ ওচৰত আত্মসমৰ্পণ কৰা। উপবাসে আমাক ধৈৰ্য শিকাই আৰু বেয়া অভ্যাস পৰিত্যাগ কৰাত সহায় কৰে সেয়ে এই মাহটোক ইতিবাচক পৰিৱৰ্তনৰ প্ৰশিক্ষণৰ মাহ বুলিও কোৱা হয়।

বিষয়টো হৈছে, বেছিসংখ্যক লোক যিসকলে মুছলমানসকলৰ অনুশীলন আৰু কৰ্মৰাজি চাই তাকেই ইছলাম বুলি ভাৱে, মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে ৰমজান মাহৰ প্ৰকৃত সাৰমৰ্ম তেওঁলোকৰ সন্মুখত ভুলকৈ উপস্থাপন কৰিছে। এই ভুল উপস্থাপনৰ বাবে, অমুছলিমসকলে ৰমজান মাহটোক বিভিন্ন ধৰণৰ সুস্বাদু আহাৰ গ্ৰহণ কৰি আনন্দ উপভোগ কৰাৰ এক উৎসৱ বুলি ভাৱে, অহেতুক কিনা-বেচা কৰা, দুখীয়া সকলক সহায়ৰ পৰিৱৰ্তে অযথা অত্যাধিক বিশ্ৰাম গ্ৰহণ কৰা বুলি ভাবে। কিন্তু ইয়াৰ পৰিৱৰ্তে কোৰআন পুনঃপঠন কৰিব লাগে আৰু ইয়াৰ আদৰ্শ অনুসৰণ কৰিব লাগে‌। কোৰআন কেৱল মাত্ৰ মুছলমানসকলৰ বাবে নহয় বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ বাবে। আহকচোন আমি কওঁ “কোৰআন সকলোৰে বাবে”।

ৰমজান মাহৰ লগত অন্য মাহৰ কি পাৰ্থক্য আছে? ছুহুৰ আৰু ইফতাৰৰ বাহিৰেও ৰমজান মাহৰ ৰাতি এক বিশেষ নামাজ পঢ়া হয় যাক তাৰাবীহ বুলি কোৱা হয়। প্ৰত্যেক মুছলমানৰ ওপৰত দৈনিক পাঁচ বাৰ নামাজ পঢ়া বছৰৰ ৩৬৫ দিনেই ফৰয। কিন্তু ৰমজান মাহত কোনো ব্যক্তিয়ে আল্লাহৰ সন্তষ্টি অৰ্জনৰ উদ্দেশ্যে, ইচ্ছা কৰিলে অতিৰিক্ত নামাজ পঢ়িব পাৰে কিন্তু এয়া বাধ্যতামূলক নহয়। মহামাৰীৰ সময়ত ৰমজান মাহত আমি এই বিশেষ নামাজসমূহ ঘৰত আদায় কৰিব পাৰোঁ, অযথা ঘূৰা-ফিৰা পৰিত্যাগ কৰি লকডাউনৰ এই সুযোগতে আমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কোৰআন তিলাৱাত কৰিব পাৰোঁ। আহক ক’ৰ’নামুক্ত বিশ্বৰ বাবে প্ৰাৰ্থনা কৰোঁ।

সৰ্বশক্তিমানৰ সান্নিধ্য লাভ কৰাৰ বাবে এই মাহৰ শেষ দহদিন আৰু বেছি মাহাত্ম্যপূৰ্ণ, কাৰণ ইয়াৰে এটা ৰাতিত কোৰআন অৱতীৰ্ণ হৈছিল আৰু সেই ৰাতিটোক লাইলাতুল ক্কদৰ বুলি কোৱা হয়।

“আমি ইয়াক (কোৰআন) কদৰৰ ৰাতি অৱতীৰ্ণ কৰিছোঁ। আৰু কদৰৰ ৰাতিটোনো কি তুমি জানানে ? ক্দৰৰ ৰাতিটো এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।ফিৰিস্তাসকল আৰু ৰূহ (ফিব্ৰাইল) তেওঁলোকৰ প্ৰভুৰ সকলো আদেশ লৈ এই ৰাতি অৱতৰণ কৰে। এইটো এটা শান্তি অাৰু নিৰাপত্তাৰ ৰাতি, ই প্ৰভাত উদয় নোহোৱালৈকে থাকে”।‘ (আল-কোৰআন ৯৭: ১-৫)

লকডাউনৰ নিৰ্দেশাৱলী অনুসৰণ কৰক। ৰমজানৰ শেষ দহদিন বেছি বেছিকৈ উপাসনা কৰাৰ বাবে উত্তম সময়, আৰু এই সময়তেই ইতিকাফ কৰি লাইলাতুল ক্কদৰ অনুসন্ধান কৰিব লাগে।

মুছলমানসকলে ৰমজান মাহ কেনেকৈ পালন কৰে? বহুতৰে মাজত বিভিন্ন ধৰণৰ সংস্কৃতি দেখিবলৈ পোৱা যায়, পৰিয়াল তথা বন্ধুবৰ্গৰ মাজত বিশেষ খাদ্য পৰিৱেশন কৰাৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ-মিছকিনসকলৰ বাবে নৈশ ভোজৰ ব্যৱস্থা কৰা, যাকাত বা ছদকা প্ৰদান কৰা, অতিথিক ইফতাৰৰ বাবে নিমন্ত্ৰণ কৰা, আদিও দেখিবলৈ পোৱা যায়। লকডাউনৰ বাবে হয়তো এই বছৰ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিব পৰা নাযাব, কিন্তু ইয়াৰ ব্যতিক্ৰম হিচাপে আমি অৱশ্যেই ৰমজান, কোৰআন আৰু ইছলামৰ বাৰ্তা সহকৰ্মী, বন্ধু আৰু প্ৰতিবেশীৰ ওচৰত পৌছাব লাগিব। আমি ইফতাৰ সমাবেশ বিলাক লকডাউনৰ পিছত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিব পাৰোঁ। #মহামাৰীৰ সময়ত কোনো সমাবেশ নহয়।

একেধৰণে, যাকতো ইছলামৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰত্যেক মুছলমানেই নিজৰ জমা সম্পদৰ ২.৫ % যাকাত হিচাপে প্ৰদান কৰিব লাগে। যাকাতৰ ধন মাত্ৰ দৰিদ্ৰ, অভাৱগ্ৰস্থ, আৰু যিসকলে এয়া সংগ্ৰহ কৰে, নতুন ধৰ্মান্তৰিত সকলৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথত আৰু মুছাফিৰসকলৰ বাবেহে খৰচ কৰিব পৰা যাব। ইয়াৰ সৈতে ৰোজা আৰু ৰমজানৰ লগত প্ৰত্যক্ষভাৱে কোনো সম্পৰ্ক নাই, কিন্তু মুছলমানসকলে সাধাৰণতে যাকাতৰ অংশখিনি ৰমজান মাহতে খৰচ কৰা দেখা যায়। যাকাতৰ ধন আমি দৰিদ্ৰ আৰু অভাৱগ্ৰস্থসকলৰ বাবে খৰচ কৰাৰ উপৰিও লকডাউনৰ বাবে আৱদ্ধ অভিবাসী শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায়ৰ বাবেও খৰচ কৰিব লাগে।

ঈদ-উল-ফিতৰ কি? ৰমজান মাহৰ শেষত উৎসৱৰ দিনটোক ঈদ-উল-ফিতৰ বুলি কোৱা হয়। এক মাহ ৰোজা ৰখাৰ অন্তত মুছলমানসকলে আল্লাহক ধন্যবাদ দিয়াৰ উদ্দেশ্যে ঈদ-উল-ফিতৰ (দানৰ উৎসৱ) উদযাপন কৰে। ফিতৰা হ’ল অন্য ধৰণৰ দান, যি প্ৰত্যেক মুছলমানৰ ওপৰত ফৰজ, পৰিয়ালৰ মুখিয়ালজনে সকলো সদস্যৰ হৈ ঈদৰ নামাজৰ পূৰ্বে এই ছদকা প্ৰদান কৰিব লাগে। নবী (ছাঃ) এ এবাৰ এই উৎসৱৰ দিনা যুহাইৰ বিন ছাগিৰ নামৰ এজন সৰু ল’ৰাক ৰাস্তাৰ কাষত অকলশৰে বহি কান্দি থকা দেখা পালে। নবী (ছাঃ) এ সুধিলে, “এনেকুৱা এটা আনন্দময় দিনত তুমি কিয় কান্দি আছা?” তেতিয়া সৰু ল’ৰাজনে উত্তৰ দিলে, “মই এজন মাউৰা, আজি আনন্দ-ফুৰ্তিৰ দিন, আপুনি চাওক সকলোৱে কিমান সুখী, মোৰ সকলো বন্ধুৱে নতুন কাপোৰ পিন্ধিছে আৰু সুস্বাদু আহাৰ গ্ৰহণ কৰিছে, কিন্তু মোৰ পিন্ধিবলৈ নতুন কাপোৰো নাই আৰু খাবলৈ সুস্বাদু আহাৰ নাই”।

নবী (ছাঃ) এ ল’ৰাজনক সান্তনা দি কৈছিল, “তুমি কেনেকুৱা অনুভৱ কৰিছা মই বুজি পাওঁ কাৰণ ময়ো সৰুতেই নিজৰ মাক-দেউতাকক হেৰুৱাইছো”। নবী (ছাঃ) এ মিচিকিয়া হাঁহিৰে কলে, “যদি মই তোমাৰ নতুন পিতৃ, মোৰ পত্নী তোমাৰ নতুন মা আৰু মোৰ কন্যা তোমাৰ ভনীয়েক হয় তেন্তে তুমি সুখী হ’বানে?” “হয়, সেয়া বিশ্বৰ আটাইতকৈ আদৰ্শময় কথা হ’ব” সৰু ল’ৰাজনে আশাৰ ৰেঙনী দেখা পাই মিচিকিয়া হাঁহিৰে উত্তৰ দিলে। নবী (ছাঃ) এ সৰু ল’ৰাজনক নিজৰ ঘৰত লৈ যায় নতুন পোচাক আৰু সুস্বাদু খাদ্য প্ৰদান কৰে। #এনেকুৱা এক অনাথ যিজনে গোটেই বিশ্ববাসীক আশ্ৰয় প্ৰদান কৰিছিল

ৰমজান মাহ কেৱল মাত্ৰ বেচা-কিনা আৰু সুস্বাদু খাদ্য খোৱাৰ বাবে নহয়, বৰঞ্চ আনৰ যত্ন লোৱা আৰু আল্লাহৰ নিকটৱৰ্তী হোৱাৰ এয়া সোণালী সুযোগ। মহামাৰী শেষ হোৱাৰ পিছতো (ৰমজানৰ পিছলৈকে থাকিব পাৰে) আমি ৰমজান মাহৰ দৰেই সময় অতিবাহিত কৰোঁ আহক। কেৱল মাত্ৰ অভাৱগ্ৰস্থ সকলক সহায়ৰ ক্ষেত্ৰতে নহয়, ঘৰত নিজৰ মাকক, ভনীয়েক, আৰু পত্নীকো দৈনন্দিন কামত সহায় কৰক। যদি আপুনি নিজকে পৰিৱৰ্তন কৰে, তেন্তে আপোনাৰ পৰিয়ালৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব, যদি আপোনাৰ পৰিয়াল পৰিৱৰ্তন হয় তেন্তে আপুনি বাস কৰা সমাজখনত ইয়াৰ প্ৰভাৱ পৰিব আৰু এই ইতিবাচক পৰিৱৰ্তন গোটেই বিশ্ববাসীৰ বাবে এক আদৰ্শ হৈ ৰব। গোটেই বিশ্বক গঠনমূলক পথত লৈ যোৱাৰ বাবে আপুনি নিজকে পৰিৱৰ্তন কৰক।

(অনুবাদ- মোহিত আছলাম, ছাত্র, জামিয়া মিল্লীয়া ইছলামিয়া, নতুন দিল্লী)

 
 
 

コメント


© 2020 by Syed AzharUddin 

Proudly created by Zikra Infotech

Zikra PNG-01.png
bottom of page